Logo
image

'কা' লৈ প্ৰথমবাৰলৈ মুখ খুলিলে সোণোৱালেঃ "আপত্তি থাকিলে আদালতলৈ যাওক, ৰাজপথত আন্দোলন কৰি ৰাইজক অশান্তি নকৰিব"

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ "নাগৰিকত্ব (সংশোধনী) আইনক লৈ আপত্তি থাকিলে আদালতলৈ যাওক। ৰাজপথত আন্দোলন কৰি ৰাইজক অশান্তি নকৰিব।"- ডিব্ৰুগড়ত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰথমবাৰলৈ 'কা'ক লৈ এনেদৰে মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। 

কলাখোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত অসম গণ পৰিষদে আয়োজন কৰা নিৰ্বাচনী সভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কয় যে আদালতে যদি 'কা' বাতিল কৰি ৰায় প্ৰদান কৰে তেনেহ'লে আমিও সন্মান জনাম। 'কা'ৰ বিৰোধিতাৰ নামত ৰাজপথত আন্দোলন কৰি ৰাইজক বিভ্ৰান্ত নকৰিব। জাতীয় সংগঠনসমূহে শেহতীয়াকৈ আদালতৰ কাষ চাপিছে। আমিও আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত দ্বাৰস্থ হৈছিলোঁ। 

একেখন সভাতে সোণোৱালে বিৰোধী ঐক্য মঞ্চকো সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দ্বাৰা পৰিচালিত বিৰোধী শক্তিয়ে অসমীয়া জাতি ৰক্ষা কৰিব নোৱাৰে। সমাজৰ মাজত বিভ্ৰান্তমূলক অপপ্ৰচাৰ চলাইছে। একবিংশ শতিকাত মিছা কথাৰে সৰ্বকালৰ বাবে জনসাধাৰণক পতিয়ন নিয়াব নোৱাৰে। সময় বৰ নিষ্ঠুৰ। সময়ে উচিত শিক্ষা দিব। কংগ্ৰেছৰ বোকোচাত উঠি বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক দলে নানা কথা কৈ অপপ্ৰচাৰ চলাইছে।

কংগ্ৰেছক আক্ৰমণ কৰি সৰ্বানন্দ সোনোৱালে আৰু কয় যে ১৯৬২ চনত চীন দেশে যেতিয়া ভাৰতক আক্ৰমণ কৰিছিল, সেই সময়ত চৰকাৰৰ সহায় বিচাৰিছিল অসমে। সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱে অসমক সহায় কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছে বিভাজন নীতি প্ৰয়োগ কৰি সমাজখনক থানবান কৰি দিছিল। অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদক হত্যা কৰিছিল। কংগ্ৰেছে অসমীয়া জাতিক নিৰাপত্তা দিব নোৱাৰে বুলি সমালোচনা কৰি তেওঁ আৰু কয় যে কংগ্ৰেছে কেতিয়াও গণতন্তক বিশ্বাস কৰিব নোৱাৰে। সেইবাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। বিদেশীক সুৰক্ষা দিবলৈ আই এম ডি টি আইন অসমত বলৱৎ কৰিছিল কংগ্ৰেছে। কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ আইনখন অসমক জাপি দিয়া হৈছিল।অসমীয়া জাতিৰ অস্তিত্ব নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। 

বিজেপিয়ে আঞ্চলিকতাবাদক বিশ্বাস কৰে বুলি উল্লেখ কৰি সোণোৱালে লগতে কয়, "এখন ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ হ'লে প্ৰতিটো অঞ্চল শক্তিশালী হ'ব লাগিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰশক্তি নিৰ্মাণ কৰিবলৈ সাৰ্বজনীন নীতি লৈছিল। সৱকা সাথ সৱকা বিকাশ নীতিৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। আমাৰ মিত্ৰতা স্থায়ীত্ব আছে। ক্ষমতা দখলৰ বাবে মিত্ৰতা নহয়, শক্তিশালী জাতি গঠন কৰিবলৈহে আমাৰ এই মিত্ৰতা।" 

ভাষণ প্ৰসংগত সোণোৱালে কয়, "পদবীক লৈ মই কোনো দিন অহংকাৰ কৰা নাই। মোৰ পদবী চিৰস্থায়ী নহয়। ৰাইজৰ মৰমেৰে আজি এই স্থানত আছোঁ। মোক কোনোৱেও শ্ৰুতলিপি দিয়াৰ প্ৰয়োজন নাই।" উল্লেখ্য যে অগপৰ খোৱাং বিধানসভা সমষ্টি সমিতিৰ সভাপতি পূণ্যনাথ পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অগপৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামীকে ধৰি ভালেসংখ্যক অগপৰ বিষয়ববীয়াই উপস্থিত থাকে।